Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Novel Part 42 Daini : Assamese Novel Books Download For Free

Assamese Novel Part 42 Daini : Assamese Novel Books Download For Free

From Part 41

লাইব্ৰেৰীৰ হাঁহিটো বাঢ়ি আহিল। মাৰ্গাৰেটক মই কিবা কৌতুক কৈছো নেকি? ইয়াত ইমান হাঁহিবলৈ কি হ’ল? মই হেলান দি কিতাপখন পঢ়ি আছিলো। হঠাৎ কিতাপখনৰ পাতত সতেজ তেজৰ টোপাল এটা আৱিষ্কাৰ কৰিলোঁ! কি কথা! কিতাপখনলৈ ক’ৰ পৰা তেজ আহিল! মোৰ এনে লাগিল যেন নাকৰ কাষেৰে পৰুৱা এটাই খোজ কাঢ়ি গৈ আছে। নাকত হাত থওঁতে নাজানো কিয় তিতা যেন লাগিল। হাতখন আঁতৰাই চকুৰ সন্মুখত ধৰি থওঁতে হাতত তেজৰ দাগ এটা দেখা পালোঁ। হেই! মোৰ নাকৰ পৰা তেজ ওলাবলৈ ধৰিছে! হঠাৎ বৰ অসুস্থ যেন লাগিল! 

অনুভৱ হল সকলোবোৰ যেন দোল খাই আছে! তেনেতে ডিঙিৰ পৰা তেজ, বমি বাহিৰ হৈ আহিল। মই বুজিলোঁ লাইব্ৰেৰীৰ পৰা ওলাই যোৱাৰ সময় হ’ল। ভাবিলোঁ ডেস্কৰ পৰা উঠি ওলাই যাম। কিন্তু ভৰিৰ ওপৰত থিয় হওঁতে মই মজিয়াত পৰিলোঁ! মই বুজি পালো যে মনিকাকো কিছুদিন আগতে একে পদ্ধতিৰে বশ কৰা হৈছিল। এতিয়া মোৰ পাল। মই দুৱাৰৰ ফালে খোজ কাঢ়িলোঁ। কিন্তু এনে লাগিছে যেন কোনোবাই মোৰ শৰীৰত এটা শিল বান্ধি দিছে।  মোৰ উশাহ-নিশাহ লোৱাতো অসুবিধা হৈছে। লাইব্ৰেৰীৰ দুৱাৰৰ ওচৰলৈও যাব পৰা নাই। এফুট দুফুট খোজ কাঢ়ি আহিয়েই চেতনা হেৰুৱাই পেলালোঁ। 

চেতনা ঘূৰাই পোৱাৰ লগে লগে মই নিজকে ড্ৰয়িং ৰুমৰ চোফাখনত শুই থকা আৱিষ্কাৰ কৰিলো। কি আচৰিত! কোনে মোক ইয়ালৈ লৈ আহিল! মই লাইব্ৰেৰীত পঢ়ি আছিলো। সম্ভৱতঃ মনিকা। সোঁ বুঢ়া আঙুলিত থকা আঙুঠিটোলৈ চালে। সেইটোৱেই সকলো অসুবিধাৰ মূল। আঙুঠিটো খুলি পেলাই দিবলৈ মন গ’ল। কিন্তু এই আঙুঠিটো খুলিলেই মই মাৰ্গাৰেটৰ পৰা মুক্তি পাম নেকি? ক’তা, , , 

মনিকাইতো আঙুঠিটো পিন্ধা নাছিল! গতিকে মাৰ্গাৰেটে তাইক এৰি দিলে নেকি? এই আঙুঠিটো খুলিলে তেওঁৰ বাবে সুবিধাহে হ’ব। আঙুঠিটো পিন্ধি থকা বাবে মোক মাৰ্গাৰেটে এনেদৰে মাৰিব বিচাৰে যাতে মোৰ অভ্যন্তৰীণ আঘাত নাথাকে। আঙুঠিটো খুলিলে মোক মাৰিবৰ বাবে অভ্যন্তৰীণ আঘাত হোৱা বা নোহোৱাৰ কথা নহব। যেতিয়া তেওঁ দেখিব যে তেওঁ মোৰ শৰীৰত কোনো ধৰণে প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া তেওঁ মোক হত্যা কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বেছি। আৰু তাৰ পিছত তেওঁ মোক যিকোনো প্ৰকাৰে মাৰিলেও হল। এইবোৰ ভাবি মই উঠি বহিলোঁ। 

চোফাত উঠি বহিবলৈ লওঁতেই মনিকা দুকাপ কফি লৈ কোঠাটোত সোমাই আহিল আৰু ক’লে, “এইটো লোৱা। কফি খোৱা।” 

”মনিকা, মই সঁচাকৈয়ে দুঃখিত। আজি ৰাতিপুৱা মই তেনেকৈ কথা কোৱা উচিত নাছিল।” -মই ব্যস্ত কণ্ঠেৰে ক’লোঁ। 

মোক ৰখাই তাই ক’লে, “কথা নাই। প্ৰথমে তুমি কফি খোৱা। তাৰ পিছত মই সকলো শুনিম।” 

মই: “ধন্যবাদ ডাৰ্লিং।” 

কফি খোৱাৰ পিছত তাই মোৰ সন্মুখত চকী এখন টানি আনি বহি ক’লে, “ওকে। এতিয়া সকলো খুলি কোৱা।” 

মই তাইক সকলো কথা ক’বলৈ সাজু নাছিলোঁ। এই সোমবাৰে চাগে তাই যাব। আজি এইবোৰ কথা কৈ বিব্ৰত নকৰাই ভাল। কথাটো চেপি মই ক’লোঁ, “চোৱা মনিকা। 

ৰাতিপুৱা মায়ে মোক ফোন কৰিছিল। বিয়া পাতিবলৈ মোৰ পৰিয়ালে মোক হেঁচা প্ৰয়োগ কৰিছে। ফলত মেজাজটো বেয়া হোৱাত চিঞৰি উঠিছিলোঁ। তাৰ পিছত ভুল সময়ত তুমি দুৱাৰত টোকৰ মাৰিছিলা! মই নিজকে চম্ভালি ৰাখিব নোৱাৰিলো আৰু তোমাক তেনে কৰিলো। ৰাতিপুৱাৰ এই ঘটনাৰ বাবে মই সঁচাকৈয়ে দুখ পাইছো! 

মনিকা: “অ’ আচ্ছা। কিন্তু লাইব্ৰেৰীৰ কথাটোৰ বিষয়ে কি কবা?” 

মই: আচলতে লাইব্ৰেৰীত কি ঘটি আছে মই সঁচাকৈয়ে বুজি নাপাওঁ। মই ইয়াৰ বিষয়ে কিবা গম পোৱাৰ লগে লগে তোমাক জনাম।” 

তাই হুমুনিয়াহ এটা এৰি ক’লে, “সঁচাকৈয়ে তুমি একো নাজানা নেকি? নে মোৰ পৰা কিবা লুকুৱাই ৰাখিছা?” 

মই বিষয়টো সলনি কৰি ক’লোঁ, “তোমাৰ পৰা লুকুৱাবলৈ কি আছে ডাৰ্লিং। তুমি মোৰ সকলোখিনি ইতিমধ্যে দেখিছাইতো।” 

তাই হাঁহি হাঁহি ক’লে, “দেখিলে কি হ’ব? এতিয়াও লুকাই আছে।” 

এইবাৰ আমি দুয়ো হাঁহি উঠিলোঁ। ঠিক তেতিয়াই বেডৰুমত থকা মোৰ ফোনটো বাজি উঠিল। 

আদিনে ফোন কৰিছে। অলপ দ্বিধাবোধ কৰাৰ পিছত অৱশেষত ফোনটো ৰিচিভ কৰিলোঁ। 

মই: “হেল্ল’ আদিন! কেনে আছা?” 

আদিন: “যেনেকৈ থাকিব লাগে। কিন্তু তোমাৰ কেনেকুৱা?” 

মই: “ভাল নহয়। সমস্যাবোৰ দিনক দিনে বাঢ়িছে।” 

আদিন: “আজি উইকেণ্ড। ৰাতিৰ আহাৰ খাবলৈ মেকড’নাল্ডছলৈ আহা।” 

মই: “ঘৰত আলহী আছে! লগত লৈ আহিব পাৰিম নে?” 

আদিন: “তুমি তেওক সমস্যাটোৰ বিষয়ে সকলো কথা কৈছিলা নে?” 

মই: “নাই। দুদিনৰ বাবে ইয়ালৈ আহিছে। এই কামত জড়িত কৰাৰ কি প্ৰয়োজন।” 

আদিন: “তেন্তে তেওক লগত লৈ অহাৰ প্ৰয়োজন নাই। তুমি অকলে আহা। মই অপেক্ষা কৰি আছো।” 

মোক আৰু একো ক’বলৈ সুযোগ নিদিয়াকৈয়ে ফোনটো কাটি দিলে। ৰাতিপুৱাৰ ভুল বুজাবুজিখিনি থিক কৰিবলৈ মনিকাৰ লগত ডিনাৰ কৰিম বুলি ভাবিছিলোঁ। কিন্তু আদিনে সেয়া হবলৈ নিদিবহে যেন লাগিল! মণিকা দুদিন পিছত গুছি যাব। আজি যদি মই তাইৰ লগত ডিনাৰ নকৰো তেন্তে বৰ অসৌজন্যমূলক যেন লাগিব। কিন্তু কি পাগল এই আদিনটো। একো বুজিব নোখোজে। দেখিছোঁ কেৱল সৌজন্যৰ খাতিৰতে মনিকাক আকৌ মিছা কথা ক’ব লগা হব। 

মই: “ মনিকা। অলপ আগতে মোৰ এটা ফোন আহিছিল। মোৰ এজন ঘনিষ্ঠ বন্ধুৰ দুৰ্ঘটনা হৈছে। মই তেওঁৰ খবৰ লবলৈ যাব লাগিব। ।” 

মনিকা: “অ’ গড! যোৱা যোৱা।  তেওঁক মোৰ ফালৰ পৰা সমবেদনা দিবলৈ নাপাহৰিবা।” 

মই: “হয়। কিন্তু মোৰ হয়তো দেৰি হব। আজি চাগে তুমি অকলে ৰাতিৰ আহাৰ খাব লাগিব। তাৰ বাবে মই ক্ষমা খুজিছোঁ। ফ্ৰীজত সকলো আছে। যি ভাল লাগে খাবা। আৰু এটা কথা, মই যেতিয়ালৈকে আহি নাপাওঁ ভুলতো সেই লাইব্ৰেৰীটোৰ কাষলৈ নাজাবা “

মনিকা: “চিন্তা নকৰিবা। মই ভালেই থাকিম।” 

মই: “নিজৰ কেয়াৰ লৱা।” 

মনিকাক কথাবোেৰ কৈ মই শোৱনি কোঠালৈ আহি কাপোৰ সলালো আৰু ওলাই আহিলোঁ। খোজ কাঢ়ি যাব লাগিব। গাড়ীখনলৈ বৰকৈ মনত পৰিছে। মই মোৰ গাড়ী দুৰ্ঘটনাৰ লগত জুৱা খেলিবলৈ মন নগ’ল। মোৰ গাড়ীৰ কোনো বীমা কৰাই নাই। এই গাড়ীখনলৈ মোৰ বেয়া লগিল। 

এইবোৰ কথা ভাবি ভাবি মই কুঁৱাৰ কাষেৰে খোজ কাঢ়ি গৈ আছিলো। গাড়ীখন দুৰ্ঘটনাৰ কৰাৰ বাবে মাৰ্গাৰেটৰ ওপৰত বৰ খং উঠিছিল। খঙত আচ্ছন্ন হৈ অৱচেতন মনত আকৌ এবাৰ ভাবিবলৈ ধৰিলোঁ, কুঁৱাটোৰ ভিতৰত আৰু এবাৰ নামি যোৱাটো ভাল হৱ। মই এটা মজবুত ৰছীৰে গাড়ীৰ বনেটত বান্ধি দিম। তাৰ পিছত ক্ৰেন এখন আনি মোৰ গাড়ীখন ওপৰলৈ টানি আনিম। মাৰ্গাৰেট। মই মোৰ গাড়ীখন কিমান ভাল পাওঁ তেওক দেখুৱাই দিম। 

এইবোৰ কথা ভাবি থাকোঁতে কেতিয়া যে কুঁৱাৰ ওচৰলৈ গৈ পালো মন কৰা নাছিলোঁ। যেতিয়া মোৰ চেতনা আহিল, তেতিয়া মই নিজকে মৃত্যু গুহাৰ মুখত হেলান দি থকা দেখিলোঁ। আকৌ এবাৰ মাৰ্গাৰেটে মোৰ খংটো ব্যৱহাৰ কৰি মোক তাইৰ চিকাৰস্থলীৰ বহুত ওচৰলৈ টানি আনিলে। উপলব্ধি কৰিলোঁ যে মই ইয়াৰ পৰা সোনকালে ওলাই যাব লাগিব। কিন্তু কুঁৱাৰ পৰা পিছলৈ বুলি ঘূৰি আহিবলৈ লওঁতে পিছলি গৈ কুঁৱাৰ পিনে পৰি গলোঁ! সেই পৈশাচিক হাঁহিটো আকৌ কুঁৱাৰ তলৰ পৰা শুনা গ’ল। 

Part 43

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment